KALIABOR || অসম চাহ জনগোষ্ঠী সাহিত্য সভা, নগাঁও জিলা সমিতি প্ৰয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি ।
অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু কলিয়াবৰ শাখা সমিতিৰ ব্যৱস্থাপনাত আজি ইং ২৩|০৯|২০২৫ তাৰিখ মঙ্গল বাৰে চিকনি বৰহোলা প্ৰাথমিক বিদ্যালয়ত আমাৰ হিয়াৰ আমঠু,শব্দ আৰু সুৰৰ সম্ৰাট,লাখ লাখ জনতাৰ নয়নমণি,আমাৰ সকলোৰে মৰমৰ আৰ শ্ৰদ্ধাৰ,অসমৰ সংগীত জগতৰ ভোটা তৰা,অসম আৰু অসমীয়াৰ আৱেগ প্ৰয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

জিলা সমিতিৰ সম্পাদক টোলন তছাই আঁত ধৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পনৰ লগতে মৌন প্ৰাৰ্থনা আৰু শান্তি মন্ত্ৰ পাঠ কৰা হয়। অনুুষ্ঠানটিত জিলা সমিতিৰ উপ-সভানেত্ৰী বীণা কালিন্দীয়ে জুবিন দাৰ ওপৰত স্ব-ৰচিত কবিতা এটি পাঠ কৰে। আটছাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক শ্ৰীযুত মানিক তছাই জুবিন দাৰ এটি গীত গায়। বিশিষ্ট সমাজসেৱক শ্ৰীযুত সঞ্জয় ঠাকুৰ আৰু আটছাৰ কলিয়াবৰ শাখাৰ সম্পাদক শ্ৰীযুত নিহাল তাঁতীয়ে জুবিন দাৰ বিষয়ে চমু বক্তব্য আগবঢ়াই। অনুষ্ঠানটোত জিলা সমিতি আৰু শাখা সমিতিৰ বিষয়-ববীয়াসকল,আটছা,কলিয়াবৰ শাখা আৰু চিকনি চাহ বাগিচা প্ৰাথমিক গোটৰ বিষয়-ববীয়াসকলৰ লগতে সমাজ কৰ্মী বিমল সৎনামী,ধীৰেন গঞ্জু,মন্টু গঞ্জু,লখন গড়,চৰকাৰী গাওঁবুঢ়া চেলিম আলি,বিমলা একাডেমীৰ সহ:শিক্ষয়িত্ৰী সংগীতা চাহুকে আদি কৰি শতাধিক ৰাইজ উপস্থিত থাকে।


Hi, how have you been lately?