“বিশ্ব মীন দিৱস ২০২৫: ৰহা মীন মহাবিদ্যালয়ত ৰাজ্যিক উৎসৱ | ICAR, CIFRI, AFDC & NFDB ৰ সহযোগত”

যোৱা ইং ২১ নৱেম্বৰ, ২০২৫ তাৰিখে মীন সঞ্চালকালয়,অসম আৰু ৰহা মীন মহাবিদ্যালয়ৰ যৌথ উদ্যোগত আৰু ICAR, CIFRI, AFDC Ltd. আৰু NFDB ৰ সহযোগত ৰহা মীন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত “বিশ্ব মীন দিৱস” ২০২৫ ৰাজ্যিক ভিত্তিত আড়ম্বৰপূৰ্ণ অনুষ্ঠিত কৰে।অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসম চৰকাৰৰ লোকনিৰ্মান, মীন, পশু চিকিৎসা আৰু পশুপালন আদি বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়া আৰু উপস্থিত বিশিষ্ট ব্যক্তিসকলে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে।

এই সভাত মীন বিভাগৰ সঞ্চালক শ্ৰী গৌৰী শংকৰ দাস ডাঙৰীয়াই সভাৰ উদ্দেশ্য বাখ্যা কৰি বিশ্ব মীন দিৱসৰ তাপৰ্য আৰু ইয়াৰ পালনৰ গুৰুত্বৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়াই। সভাত আদৰণী ভাষণ আগবঢ়াই ৰহা মীন মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড° প্ৰদীপ চন্দ্ৰ ভূঞাই। অনুষ্ঠানত মন্ত্ৰী ডাঙৰীয়াই “প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা” আঁচনিৰ নিৰ্দেশনাৱলী আৰু কেবাখনো সজাগতামূলক প্ৰচাৰ পত্ৰিকা আৰু এখনি সজাগতামূলক তথ্যচিত্ৰৰ শুভ উন্মোচন কৰে।

এই সভাত ৰহা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী শশী কান্ত দাস , ভুৱনেশ্বৰ CIFA ৰ অধ্যক্ষ, বিজ্ঞানী ড° শুভেন্দু অধিকাৰী,CIFRI ৰ মুৰব্বী ড° সুদীপ কুমাৰ মাঝি, পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বীৰেন কুমাৰ শর্মা, মীন বিভাগৰ উপ সঞ্চালক শ্ৰী প্ৰতুল বৰ্মন,মীন সঞ্চালকালয়ৰ বিষয়াবৰ্গ, বিভিন্ন জিলাৰ পৰা অহা মীন উন্নয়ন বিষয়া সকল, ৰহা মীন মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী সকল, অসম মীন নিগম, ফিছফেডৰ কৰ্মকতা সকল আৰু বিভিন্ন জিলাৰ অগ্ৰণী মীন পালক সকল উপস্থিত থাকে ।

