কালীাবৰ RC-EMEx-2025: বানপানী মক ড্ৰিল আৰু প্ৰমাণপত্ৰ বিতৰণ

নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (DDMA,Nagaon), কলিয়াবৰ ৰাজহ চক্ৰ আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)-ৰ সহযোগত আয়োজিত RC-EMEx-2025 মক ড্ৰিলৰ তৃতীয় দিনটো ইং ১৯ নৱেম্বৰ ২০২৫ তাৰিখে সফলতাৰে সম্পন্ন হয়।
উক্ত দিনা চটিয়াল গাঁৱৰ ব্ৰিজ চাইড, চটিয়াল পেট্ৰ’ল পাম্পৰ সমীপত, হাতীমুৰা মথাউৰি ভঙাৰ ফলত চটিয়াল গাঁও আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত হোৱা এক প্ৰবল বানপানীৰ পৰিৱেশ অনুকৰণ কৰা হয়। অনুশীলনীৰ অন্তত, কলিয়াবৰ শিক্ষা মহাবিদ্যালয় (কলিয়াবৰ বি.এড. কলেজ) ত এক বিস্তৃত দে’ব্ৰিফিং সন্মিলন অনুষ্ঠিত হয়। এই গুৰুত্বপূৰ্ণ সন্মিলন কাৰ্য্যসূচীত কলিয়াবৰৰ সম জিলাৰ সম আয়ুক্ত, শ্ৰী ৰাজ বৰুৱা অঃঅঃসেঃ, কলিয়াবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, ভাৰতীয় ৰে’ড ক্ৰছ ছ’চাইটিৰ পৰ্যবেক্ষক, নগাঁও ডিডিএমএৰ জিলা প্ৰকল্প বিষয়া, কলিয়াবৰ, কামপুৰ, ৰহা, আৰু চামগুৰি ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়া, তথ্য সহায়ক, ডিইঅ’চি নগাঁওৰ বিষয়াসকল আৰু বিভিন্ন সংশ্লিষ্ট বিভাগ, স্বেচ্ছাসেৱী সংগঠন (NGO), CQRT তথা আপদা মিত্ৰ স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰে।

এই সন্মিলনৰ শেষত, Kaliabor RC-EMEx-2025ত অংশগ্ৰহণ কৰি সমগ্ৰ প্ৰয়াসত অৰিহণা যোগোৱা সকলো অংশগ্ৰহণকাৰীক তেওঁলোকৰ প্ৰশংসনীয় প্ৰচেষ্টাৰ বাবে প্ৰমাণপত্ৰ বিতৰণ কৰি শলাগ জনোৱা হয়।

